👫 কবিতা --: আশা :--
হবানেকি তুমি মোৰ মনৰ আকাশ? মেঘহৈ সজাম তোমাক মোৰ মনত লগাকৈ । হবানেকি তুমি মোৰ মনৰ গভীৰ নীল নদ? তোমাৰ নিবিৰ আলিংগনে ধন্যহৈ ভাঁহি যাম কোনেও নজনা গন্তব্যৰ পথলৈ। হবানেকি তুমি মোৰ হৃদয়ত জিলিকি থকা সন্ধিয়াৰ মিহি কাঁচি জোন? যাৰ মৰম জালে বিগলিত হৈ নিজকে সৰ্পিম সকলো বাস্তৱতা ভূলিগৈ । হবানেকি তুমি মোৰ সপোনৰ কবৰ? যত চিৰ শান্তিৰ শীতল বতাহে বৈ যাব আমাৰ অনন্ত কালৰ অগণন প্ৰহৰ। 🚣🚣🚣 ✍️ছুলতান আলী।