লাচিত বৰফুকন : - অসম বুৰঞ্জীৰ পাতত জিলিকি থকা অপৰাজয় ব্যক্তিত্ব, সাহস আৰু সংগ্ৰামৰ এক প্ৰতীক আৰু সত্তা হল লাচিত বৰফুকন। এখেতৰ দৃঢ়, নিস্বাৰ্থ আৰু দৰ্শী নেতৃত্বই সোঁৱৰাই থাকে অসমীয়া জাতিৰ অসীম শক্তিৰ কথা। লাচিতক বাদদি অসমীয়া জাতিৰ সাহস আৰু বীৰত্বৰ কথা কল্পনাই কৰিব নোৱাৰি। জন্ম :- লাচিত বৰফুকনৰ জন্ম হয় ১৬২২ চনৰ ২৪ নৱেম্বৰ গড়গাৱ নামৰ ঠাইত। এখেতৰ পিতৃৰ নাম আছিল মোমাই তামূলী বৰবৰুৱা আৰু মাকৰ নাম আছিল নাগেশ্বৰী আই দেউ অৰফে কুন্তী মৰাণ। জন্মৰ ইতি বৃত্ত:- ছশ বছৰীয়া ইতিহাসৰ পৰক্ৰমী জাতিৰ আহোম সকলৰ এটা জনজাতি ফৈদ লুখুৰাখন ফৈদৰ লান ফিমা বংশৰ ব্যক্তি হল লাচিত বৰফুকন।চাওলুং চুকাফাৰ লগত এখেতৰ পূৰ্ব পুৰুষ অসমলৈ আহিছিল। লাচিত বৰফুকন হল আহোম ৰাজ্যৰ প্ৰথম জন বৰ বৰুৱা তথা পাইক প্ৰথাৰ প্ৰৱৰ্তক মোমাই তামূলী বৰবৰুৱাৰ পুতেক। শিক্ষা :- শিশু অৱস্থাৰ পৰাই সততা, কৰ্তব্য নিষ্ঠা,নীয়মানুবৰ্তিতা,স্পষ্টবাদিতা, আদি গুণৰ অধিকাৰী আছিল আৰু নিজৰ ঘৰতেই আৰাম্ভ কৰিছিল প্ৰাক শিক্ষা। ৰাজ পৰিয়ালত জন্ম গ্ৰহণ কৰিছিল বাবেই সামৰিক আৰু অসামৰিক দুয়োবিধ শিক্ষাই লাভ কৰিছিল ...